ঈশ্বৰে মানৱ জাতিক বিতত কৰি ৰাখিছে
জীৱন বুলা পথটো নুবুজোৱাকৈয়ে
সংসাৰলৈ নমাই আনিছ ৷
তেওঁৰ আদেশবোৰকে মানি নামানিও চলি থাকোঁ,
কিন্তু এই নীৰৱচ্ছিন্ন বাটৰ শেষ
মৃত্যু বুলি মানি লৈছোঁ ৷৷
জীৱনৰ বাট এটা ৰহস্যময় জৰীৰ পাক
অৱশেষটো পুনৰবাৰ একে অৱস্হাতে
ঘূৰি আহি থাকোঁ ৷
জীৱনকালত এইশ্বৰ্যৰ লালস কৰোঁ
অৱশ্যে, মৃত্যুৰ মুখত- পমগুৰুৰ
পদধূলি হবলৈ হাবিলাষ কৰোঁ ৷৷
এই বাটত চলি থকা এটা মাঞ্চকলা
কিয়নো জীৱন হৈছে এখন নাটক…
আমিয়ে অভিনতে, আমিয়ে ৰচক ৷৷
কিন্তু এই যুগত-
নহয় জীৱন এটি বাট
নহয় জীৱন এটা পাক ।
জীয়াই থকাৰ কাৰণ নহয় এতিয়া
মানৱ সেৱা
সংসাৰত বাস কৰাৰ একমাত্ৰ কৌশল হ’ল
মাথোন কিছু অসৎ প্ৰতিযোগিতা ।।